Posted by bulmoni • 7 days ago

সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?

Discussions (1)
bulmoni · 7 days ago
সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল - শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত । তেতিয়া শৃংগত বহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শঙ্কা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বহি দ্ৱিতীয় অম্ৰাৱতী সদৃশ লঙ্কা নগৰীলৈ যাবলৈ ভাবিছিল ।
Log in to join the discussion.