Posted by bulmoni • 7 days ago

সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?

Discussions (1)
bulmoni · 7 days ago
ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল । গধূলি সময়ত তেওঁ দেখিছিল গোটেই লঙ্কাখন সোণেৰে নিৰ্মিত গড়ে । লঙ্কানগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্য়া মজবুত দুৰ্গই । নানা যন্ত্ৰৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লঙ্ঘিব নোৱাৰাকৈ শাৰী - শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে । হনুমন্তই ধাৰণা হৈছিল যে লঙ্কা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লঙ্কাত প্ৰৱেশ কৰিব পাৰিলে। ন'হলে অন্য় বানৰে শত যোজন পথ পাৰ হৈ সাগৰৰ সিপাৰে থকা লঙ্কালৈ কিদৰে আহিব পাৰিব । দেৱতায়ো লঙ্ঘিব নোৱাৰা লঙ্কালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব - সেই চিন্তাইহে হনুমন্তৰ মনলৈ আহিছিল ।
Log in to join the discussion.