Posted by bulmoni • 7 days ago
তাৎপৰ্য লিখা : (ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি
Discussions (1)
bulmoni
·
7 days ago
লোকসংস্কৃতিৰ উপাদান সমূহ প্ৰধানত: মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগত ভাবে চলি অহা। লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহুযুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব। কেৱল মাত্ৰ এটা পীৰিৰ পৰা আন এটা পীৰিলৈ ই সম্প্ৰসাৰিত হৈছে। এনে হওঁতে কৰবাত ই হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে। শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে। উদাহৰণ স্বৰূপে লক্ষ্মীনাথ বেজবৰুৱা দেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতা সকলৰ মুখে মুখে চলি অহা সাধুৱেই। একেদৰে অ' মাই যশোৱা হে শীৰ্ষক গীতটিও ড॰ ভূপেন হাজৰিকা দেৱে নতুনকৈ লিখি গাইছিল। গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তু সমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা । সেইবাবে আমি ক'ব পাৰো যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি ।
Log in
to join the discussion.