তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা - এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
Discussions (1)
bulmoni·7 days ago
বৰ্তমান এই একৈশ শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনক পশ্চাদপদ কৰি ৰাখে। দেখা গৈছে যে 'ডাইনী' বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা নব্বৈ ভাগৰো অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। 'সোপাধৰা' বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে এনেবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত, ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত।