Posted by bulmoni • 7 days ago

'তোৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছট্ফটাবহে পাৰি ' – কথাষাৰৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা ।

Discussions (1)
bulmoni · 7 days ago
সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে । কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ’ল । সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবানৰো উত্তৰ দিবলৈ সংকচ নকৰে, কিন্তু নিৰ্মলৰ নিচিনা সহজ – সৰল, সৎ, নিৰ্ভীক ল’ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কাৰণ নিৰ্মল এজন সৎ-সাহসী নিভাজ মনৰ ল’ৰা। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল । সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে – নিৰ্মলৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছট্ফটাবহে ৰ'ব পাৰি ।
Log in to join the discussion.