Posted by bulmoni • 7 days ago

‘তোৰ কি হৈছে, মোক ক'বই লাগিব সিদ্ধাৰ্থ' – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?

Discussions (1)
bulmoni · 7 days ago
'তোৰ কি হৈছে, মোক ক'বই লাগিব সিদ্ধাৰ্থ' - নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল । নিজ পিতৃ – মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকীত্বত ভুগিছিল । মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বত অনিহা দেখুৱাইছিল । নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল । আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল । সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল ।
Log in to join the discussion.