Posted by bulmoni • 7 days ago

তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰাঃ ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত।

Discussions (1)
bulmoni · 7 days ago
কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন-ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল।
সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ-কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা।
Log in to join the discussion.