Posted by bulmoni • 7 days ago

তলত দিয়াবোৰৰ টোকা লিখা :

Discussions (1)
bulmoni · 7 days ago
হনুমন্ত - হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল । ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল। ৰাম-ৰাৱণৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল ।
সুগ্ৰীৱ - সুগ্ৰীৱ বানসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুৰোঁতে ৰাম আৰু সুগ্ৰীৱৰ মিলত ঘটিছিল । ৰাজ্যলাভৰ আশাত সুগ্ৰীৱে ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰাইছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল ।
নীল - নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধ্যাত তেওঁ ৰামচন্দ্ৰক লগ পায় । এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল । নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম- ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল ।
অম্ৰাৱতী - অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল । এই নগৰখন দেৱসকলৰ খনিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াত সৌন্দৰ্য অতি বিতোপন আৰু চালে চকুৰুৱা আছিল। অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । যত দুষ্প্ৰাপ্য ফুল জকমকাই সদাই ফুলি আছিল ।
কাশ্যপ নন্দন - সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল । এওঁক ঐলোক্যৰ প্ৰদীপ বুলিও ক'ব পাৰি । অগ্নি , ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন ।
বিশ্বকৰ্মা - বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল । ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গৈ সাধিত হৈছিল । এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।
Log in to join the discussion.