Posted by bulmoni • 7 days ago

"যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। "-- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

Discussions (1)
bulmoni · 7 days ago
ভাৰতবৰ্ষ এখন অতি পুৰণি সু-সভ্য ঐতিহ্যপূৰ্ণ দেশ। যিবোৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেঁতু নিৰ্মাণ কৰি দিছে, যেন ই বহু ৰঙী সূতাৰে গঁথা এখনি ফুলাম দলিচাহে। উদাহৰণ স্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান আদি লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে, অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ - নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। সেয়েহে আমি ক'ব পাৰো যে ভাৰতবৰ্ষ বিভিন্ন জাতি, ধৰ্ম, ভাষা- সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ।
Log in to join the discussion.