Posted by bulmoni • 7 days ago
‘যুঁজ’ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা ।
Discussions (1)
bulmoni
·
7 days ago
ডঃ মৃণাল কলিতা দেৱৰ ‘যুঁজ' হৈছে এটা চুটিগল্প । গল্পটোত লিখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে । তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে । আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে । দুয়োজনৰে এই প্ৰচেষ্টাক লিখকে 'যুঁজ’ বুলি কৈছে । সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত । এই ‘যুঁজ’ খন প্ৰত্যেক মানুহেই যুঁজিব লাগিব । হৰা–জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব – সহজ – সৰল কথন ভংগীৰে গল্পকাৰে বাৰ্তা দিছে ।
Log in
to join the discussion.