`প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰশস্তিৰ মাজেৰে ভগৱানৰ প্ৰশস্তি কৰিছে।