প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অৰ্থাৎ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চাৰিওফালে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন-প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে ভগৱানক বিচাৰি ফুৰা ভক্তসকলোকো কবিয়ে তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ কবিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ উপাদান বোৰক মৰম চেনেহ কৰি সেইবোৰ উপাদানক নষ্ট নকৰি সেই উপাদান বোৰক যন্ত্ৰ কৰিলে সেই উপাদান বোৰৰ মাজতেই ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।