Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।

'প্ৰশস্তি' কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া - মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।

মানৱ জীৱন দুদিনীয়া মায়া - মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক `অমৃতৰ পুত্ৰ' সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

Write Your Answer