মই অসমীয়া
Questions / প্ৰশ্নবোৰ 👇🏻
চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ।
মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?
অসমৰ হেংদাং ক’ত জিলিকিছিল ?
অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
'অসমৰ হেংদাং জিলিকিল। দুপৰৰ পূর্ণ আলােকত’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
"ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত। ” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
৫। "মই অসমীয়া" কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।
৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
৮| ব্যাখ্যা কৰাঃ (ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
৮| ব্যাখ্যা কৰাঃ (খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা , ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।
৮| ব্যাখ্যা কৰাঃ (গ) মােহ গ'ল দূৰণিৰ বিদেশী মােগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া , অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ দূৰৰ মােগল আহি হ’ল অসমীয়া । ।
৮| ব্যাখ্যা কৰাঃ (ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ-প্রাণ মন; জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
৯। "মই অসমীয়া" কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা ।
১০। কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।
১১। "মই অসমীয়া" কবিতাটোৰ সাৰাংশ লিখা ।
১২ । "মই অসমীয়া" কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।
তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।
বিপৰীত শব্দ লিখাঃ গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
চৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?
চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল?
চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে?
সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?
মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভবিছিল?
কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে?