উদ্যোগী হওঁ আহাঁ
Questions / প্ৰশ্নবোৰ 👇🏻
১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?
(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
(গ) এজন উদ্য়োগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
(ঘ) এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?
(ঙ) ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
(চ) নাৰায়ণ মূর্ত্তী কোন?
(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
২।(ক) "উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।" শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।
(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন?
(গ) এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।
৩। ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
৪। “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” — কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।
৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?
৮। চমুটোকা লিখাঃ- টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।
৯। সমার্থক শব্দ লিখাঃ প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
১০। বিপৰীতার্থক শব্দ লিখাঃ নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
১১। তুমি কথা-বতৰা পাতোঁতে সাৱধান হ'বা। মনে পঢ়া-শুনা কৰি আছে। গাড়ী দুখন অগা-পিছাকৈ গৈ আছে। ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ-- ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
১২। ভাব সম্প্রসাৰণ কৰাঃ (ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
১২। ভাব সম্প্রসাৰণ কৰাঃ (খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
১২। ভাব সম্প্রসাৰণ কৰাঃ (গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
১৩। লিংগ পৰিৱৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিৰ লেখক কোন?