ভাৰতীয় সংস্কৃতি
Questions / প্ৰশ্নবোৰ 👇🏻
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
২। "ফ্ৰম ভলগা টু গংগা" কাৰ ৰচনা ?
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে "কালিয়দমন"ক কি আখ্যা দিছে?
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল?
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে?
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
১১। "ভাৰতীয় সংস্কৃতি" পাঠটোৰ সাৰাংশ লিখা।
১২। "ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু"। 一এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, "ভাৰতীয় সংস্কৃতি" পাঠটোৰ আধাৰত বিচাৰ কৰা।
১৩। "সভ্যতা আৰু সংস্কৃতি" শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।
১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
১৬। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
১৯। প্ৰাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
২০। (ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
২০।(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
২০।(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
সন্ধি ভাঙাঃ সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
বিশেষ্য বা বিশেষণলৈ নিয়াঃ বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।
হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?
হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?