অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Questions / প্ৰশ্নবোৰ 👇🏻
১।(ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
(গ) কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
(ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
২।(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল?
(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।
৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
৪। "অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।" 一 কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
৫। "বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।" 一 ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে 一 পাঠৰ আলমত বিচাৰ কৰা।
৬। "এটা সংমিশ্ৰিত一সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" 一 ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। "নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।
৭। "লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।" 一 কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
৮।(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
(খ) এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।
(গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।
সন্ধি ভাঙাঃ সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
'প্ৰ' উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
বাক্য ৰচনা কৰাঃ ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।