ইন্টাৰনেটৰ তিতা-মিঠা
Questions / প্ৰশ্নবোৰ 👇🏻
১।(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
(খ) ইন্টাৰনেট কি?
(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
(ঙ) ভাইৰাছ কি?
২। WWW বা ৱেব কি?
৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
৪। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
৬।"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
৭। "ইন্টাৰনেটৰ তিত-মিঠা" গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা।
৮। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
৯। বাক্য ৰচনা কৰাঃ চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
১০। অৰ্থ লিখা (অভিধান চাই) -- ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।