নিয়ৰ
Questions / প্ৰশ্নবোৰ 👇🏻
মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
ফুলনিত কি ছিগি ৰৈ গ'ল?
কবিয়ে কি সৰি থকাৰ কথা কৈছে?
কবিতাটোৰ মূলভাব চমুকৈ লিখা।
শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ফটিক, শোভে, হেঙুলি, নিজম, নিচুক
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ''নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি।''
পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা। উদাহৰণ 一 ধোৱা ⟶ যোৱা
উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি, বেলি, পানী, ফুল, নিশা, সপোণ, আকাশ, চকু
বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ছিগা, পুৱা, নিজম, সৰগ, দিন, হাঁহি
বাক্য ৰচনা কৰা। মুকুতা, পাহি, শোভে, নিচুক, ফুলজুপি, ফটিক
'নিয়ৰ' কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা ।
দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয় ⇒ স্কেল, খেল সম্বন্ধীয় ⇒ ক্রিকেট, যান-বাহন ⇒ স্কুটাৰ, পোছাক-পাতি ⇒ ফ্রক, আচবাব ⇒ টেবুল, বাচন-বৰ্তন ⇒ কাপ,
এটা শব্দত প্ৰকাশ কৰা। (ক) যি আনৰ উন্নতি দেখিব নোৱাৰে। (খ) একে মাকৰ সন্তান। (গ) যাৰ ঘৰ-বাৰী নাই। (ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে। (ঙ) যি আগেয়ে হোৱা নাই।