যুগমীয়া শৰাইঘাট
Questions / প্ৰশ্নবোৰ 👇🏻
অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
বর্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
ৰামসিংহ কোন আছিল?
তেওঁ কিয় অসমলৈ আহিছিল?
শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
লাচিতৰ অধীনত কিমান সৈন্য আছিল?
মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?
ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?
কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?
অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?
কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?
বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?
যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়োজন আছে লিখা।
সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।
শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।
প্রসংগ সংগতি দর্শাই বুজাই লিখা। (ক) "অগ্নি, সর্প আৰু প্রলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত।"
"বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।"
(গ) "সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।"
"আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।"
"এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।"
শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেইবীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা।
'চিলাৰায় দিৱস' কি তাৰিখে পালন কৰা হয়?
'লাচিত দিৱস' কি তাৰিখে পালন কৰা হয়?
'চুকাফা দিৱস' (অসম দিৱস) কেতিয়া পালন কৰা হয়?
ৰচনা লিখা। অসমৰ প্ৰাকৃতিৰ দুৰ্যোগ।
চমুটোকা লিখা। (ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ (খ) লাচিত বৰফুকন (গ) ৰামসিংহ