যুঁজ
Questions / প্ৰশ্নবোৰ 👇🏻
কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ?
সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল ?
নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল ?
সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিল ?
নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল ?
সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ?
কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ?
নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল?
সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?
নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল?
‘তোৰ কি হৈছে, মোক ক'বই লাগিব সিদ্ধাৰ্থ' – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?
সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা?
নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা ?
'তোৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছট্ফটাবহে পাৰি ' – কথাষাৰৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা ।
‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি– ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ – দুখৰ দাহন'- কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা ।
সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ হৈছিল বুজাই লিখা ?
'আচলতে মন গ'লেই সুখী হ’ব পাৰি জান' - নিৰ্মলে কি প্ৰসগংত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা।
ব্যাখ্যা কৰা । ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে ।
খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।
গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ ।
‘যুঁজ’ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা ।