গীত আৰু ছবি
Questions / প্ৰশ্নবোৰ 👇🏻
কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
`সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ কি?
ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা - কবিতাটোৰ সহায়ত বুজাই লিখা।
সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা।
`গীত আৰু ছবি' কবিতাটোৰ সাৰাংশ লিখা।
সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে।
'মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ-অমৰ য'তে পৰে ত' তে গজে, বিভিন্ন আকাৰ ঠাই বুজি দীঘল-ডাঙৰ।