সময়
Questions / প্ৰশ্নবোৰ 👇🏻
সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?
সময় কি গতিত ঘূৰে?
এলেহুৱাৰ দিন নাযায় নুপুৱায়।
মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।
কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
চাৰিটা-পাচোঁটা বাক্যত উত্তৰ দিয়া। ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?
কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
লক্ষণাক্ৰান্ত মানে কি?
বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল?
তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰাঃ ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত।
সময়ৰ টিকনিডাল হেনো আগফালে।
সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।
'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'___ প্ৰাকৃতিক জগতৰ গতি বিধিবোৰ কি কি? কেনেকৈ এই গতি বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি?
'নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ'- ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।
ভাব সম্প্ৰসাৰণ কৰা : ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।