ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য
Questions / প্ৰশ্নবোৰ 👇🏻
প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
বুদ্ধদেৱৰ আচল নাম কি?
মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?
কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
কি কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা?
ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা ?
আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা?
ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া?
"যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। "-- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
" ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ উলাই কৰিব নোৱাৰি।" - - - - এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
"ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।" - তাৎপৰ্য ব্যাখ্যা কৰা।
কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?
সুকুমাৰ কলা কোন বিলাক?
কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে?
কি কি পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।
উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া?
"ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ"। - - - কথাষাৰ বহলাই লিখা।