Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , | উঠা যত মুক্তি পথযাত্রী । -- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ - যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া - মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।

Write Your Answer