মণিৰাম দেৱান অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তাদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম. টি. কোম্পানীত যোগদান কৰে। কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'ল। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল।
১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ মফট মিলচে অসমৰ প্ৰশাসন ব্যৱস্থা বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে তেওঁক দুখন আৰ্জি পেচ কৰিছিল। এখনত তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল তেঁখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ দুৰ্দশাৰ বিষয়ে সবিস্তাৰে লিখিছিল। মিলে প্ৰতিবেদনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছিল যদিও অৱশেষত মণিৰাম দেৱানক সঁহাৰি নজনালে। বৰঞ্চ তেওঁক এজন চক্ৰান্তকাৰী হিচাপে অভিহিত কৰে। মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল। সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। বাহাদুৰ গাওঁবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সহাৰি জনায়। কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। ইয়াৰ পিছতে কন্দৰ্পেশ্বৰ সিংহক ব্ৰিটিছে আটক কৰে আৰু কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি থয়। ইফালে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই। অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁকো ফাঁচী দিয়ে।