Add Book Write Article
Cancel

অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

By u255f5c61b2 on 6 days ago
April 3, 2025, 1:28 a.m.

ৰে'লযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিন্হাৰ মনত হস্পিতালৰ বিছনাত শুই থাকোতেই হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। বাচেন্দ্ৰি পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনীৰ দুচকুত সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে, সঠিক প্ৰশিক্ষণ আৰু সাহস পালে, এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত "টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে" চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল।