অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰে'লযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল। আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিছাৰিছিল। কিন্তু অৰুণিমাই চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল। তেওঁ ডকাইতবোৰক কৈছিল যে, সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ। ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰে'লগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰে'ল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰে'ল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে প্ৰাণে চিয়ৰিলে, কিন্তু ৰে'লৰ ইঞ্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গ'ল। অৰুণিমাই প্ৰায় ৭ঘন্টা সময় ৰে'ল আলিৰ কাষত পৰি থাকিল আৰু সেই সময়ত কাষেদি ঊনচল্লিশখন ৰে'ল পাৰ হৈ গ'ল।
এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আন খন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হ'ল।