এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰ ভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সুভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিটত শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টাৰ সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিন্হা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল।
মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ,ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। চাৰি নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল।
অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতেঁ বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্ৰায় আঠ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় তাত আছিল। তাৰিখটো আছিল ২১মে' ২০১৩ চন।