April 8, 2025, 3:20 p.m.
ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিছনখনত ভাৰতীয় লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে ১৯২৭ চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে 一 ভাৰতত ডমিনিয়নৰ ব্যৱহাৰ নকৰিলে, দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। ১৯৩১ চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয় 一
(i) মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।
(ii) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা।
(iii) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা।
(iv) লোণ কৰ বন্ধ কৰা।
(v) সৈন্য বাহিনীৰ ব্যয় কমোৱা।
(vi) প্রশাসনীয় ব্যয় সংকোচন কৰা।
(vii) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা।
(viii) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা।
(ix) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা।
(x) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া।
(xi) আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা।
পত্ৰত উল্লেখ কৰা এই ১১ টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি।
এই আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে ―
(i) আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) আৰম্ভ কৰিছিল। ১৯৩০ চনৰ ২২ মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। উক্ত ঠাইত উপস্থিত হৈ গান্ধীজীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তটো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল।
(ii) উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খানৰ নেতৃত্বত "ৰেড চাৰ্টছ" হিচাপে জনপ্ৰিয় "খুদাই খিদমতগাৰ" সকলে আন্দোলনটো চলাই নিছিল।
(iii) আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অংশ গ্ৰহণ কৰা নাছিল।