আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়।
(i) আগৰ দিনত ছাত্রই শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে, আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।
(ii) আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা।
আনহাতে, আজিৰ দিনত শিক্ষাৰ উদেশ্য হ'ল চাকৰি গ্ৰহণ কৰা।
(iii) প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধপৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল।
আনহাতে, আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাত সুযোগ কমেই।
(iv) আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা-পইচা খৰছ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুনেই উৎকৃষ্ট আছিল।