ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
By u255f5c61b2 on 5 days ago
April 3, 2025, 1:29 a.m.
ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।