(ক) এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল।
(খ) বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল। তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকৰী কৰিব পৰা নাছিল।
(গ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেওঁ ধৰা পৰে।
(ঘ) ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেই মতে বিদ্ৰোহ মষিমূৰ কৰিছিল।
(ঙ) বিদ্ৰোহীৰ সংখ্যা যথেষ্ঠ কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাৱদ্ধ আছিল।
(চ) ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্থলীৰ পৰা বহু নিলগত ৰাখিছিল। মণিৰাম দেৱান কলিকতাত থাকি তাৰপৰা চিঠিপত্ৰ আৰু বাৰ্তা পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল।
(ছ) ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল। ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিল।
(জ) অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্থাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল।