April 9, 2025, 10:28 a.m.
শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাৱিত কৰিছিল । এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয় । সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধর্মৰ তত্ত্বকথা আদি । শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ কীর্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয় । শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ ঝুমুৰা চোৰধৰা আৰু পিম্পৰা গুচোৱা' আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্র আদি ঠাইত প্রদর্শন কৰা হয়। শংকৰদেৱৰ প্রথম নাট ‘চিহ্নযাত্রা’ শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল । এই নাটত ব্যবহৃত বৃন্দাৱনী বস্ত্র অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল । এই বস্ত্রভাগি বর্তমান ব্রিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। শংকবদেৱ মাধবদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে । শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী, মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল । ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্রৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ।