Add Book Write Article
Cancel

চমুটোকা লিখা - অসমৰ বিহু উৎসৱ

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:30 a.m.

বিহু অসমৰ এক অতি আদৰৰ উৎসৱ । বহাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়।

ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয় ǀ চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজত হালবোৱাকে আদি কৰি বিভিন্ন ক্ষেত্রত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গাই গৰুৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল দোং, নদী আদিলৈ গৰু-গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়, নতুন পঘা দিয়া হয়; গোহালি ঘৰ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ধুপ-ধুনা, জাগ আদি দিয়া হয়। বহাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজেষ্ঠ সকলব চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে ǀ ৰাজহৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত আদি কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ অনুভূতি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয় । জনজাতিৰ লোকসকলে নিজা ৰীতিনীতি, গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা,কার্বি, মিচিং, দেউৰী, তিৱা আদি লোকসকলে নিজা গীত-মাত, সাজ-পোছাক আৰু পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাবেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতি গঢ় লৈছে। ৰঙালী বিহৰ সাতদিনক ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। ঠাই ভেদে এই নামবোৰৰ তাৰতম্য হোৱা দেখা যায়। বহাগ বিহুৰ সমধর্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, স’ৰি বা সুৱেঁৰি, দহৰ ফুৰোৱা, বাৰ গোপাল উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা আদি উল্লেখনীয়।

আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্রতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰ ভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায় ǀ কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায় ǀ এই ৰীতি নীতি বোৰৰ সৈতে কিছুমান ধর্মীয় বিশ্বাস জড়িত হৈ আছে।

মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহতে বা ৰাইজে দল বান্ধি পথাৰত মাজন গছৰ তলত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা্বাহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে ǀ ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন বাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা-ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয় ǀ আলহীক দৈ, সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্রী উভেনদী হয় আৰু খোৱা-বোৱাৰ প্রাধান্য থকা বাবে মাঘ বিহুক ‘ভোগালী বিহু’ বুলি কোৱা হয়। ভাৰতবর্ষৰ বিভিন্ন প্রান্তত অসমৰ বহাগ বিহ, কাতি বিহ আৰু মাঘ বিহুৰ লেখীয়াকৈ ভিন ভিন নামেৰে ভিন ভিন ৰীতি নীতিৰে উৎসৱ পালন কৰা দেখা যায় ǀ