মধ্যযুগত আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ ǀ ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল ǀ ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয় ǀ ব্ৰিটিছশাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয় ǀ এনে কেতবোৰ বুৰঞ্জী হৈছে- দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি।