Add Book Write Article
Cancel

চমুটোকা লিখা - অসমৰ লোকসংগীত

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:29 a.m.

অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰৱলভাৱে প্ৰবাহিত হৈ আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত, আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োবা বিশেষ অবদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাবা বটা প্রদানেৰে সন্মানিত হোৱা কেইগবাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে- প্রয়াত খগেন মহস্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল ।