Add Book Write Article
Cancel

চমুটোকা লিখা - অসমৰ স্থাপত্য-শিল্প

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:28 a.m.

অসমত স্থাপত্য শিল্পৰ বর্তমান যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল । শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্রমে ৰপুৰৰ ৰংঘৰ, কাৰেঙঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে । এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হল -কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ,উমানন্দ মন্দিৰ, নবগ্রহ মন্দিৰ, শিবদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিব আদি । মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত । মন্দিৰবোৰত সাধাবণতে দুটা অংশ দেখা যায় গর্ভগৃহ আৰু মণ্ডপ । মন্দিবৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া । শিৱসাগবৰ শিৱদ’ল, বিষ্ণুদ’লত এনে শিখৰ দেখিবলৈ পোৱা যায় । এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নির্মাণ কৰা ।

তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ǀ কেইবা মহলীয়া এই প্ৰসাদটোৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আকু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নির্মাণ কার্য সমাপ্ত কৰিছিল । বৰঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ, সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ । বংঘবটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল । আহোম ৰাজত্ব কালত ভালেমান শিলৰ দলং নির্মাণ কৰা হৈছিল। এইবোৰৰ ভিতবত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যবহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে 'কৰাল' তৈয়াৰ কৰা হৈছিল ǀ আহোম শাসন ব্যবস্থাত মঠ-মন্দিৰ, ৰাস্তা ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নির্মাণ কার্য জোখ-মাখ আদি চোৱা চিতা কবিবলৈ চাংৰুঙ ফুকন নামৰ এগৰাকী বিষয়া নিয়োগ কৰা হৈছে । চাংৰুঙ ফুকনৰ কার্যাৱলী লিপিবদ্ধ থকা। বুবঞ্জীসমূহক চাংৰুঙ ফুকনৰ বুবঞ্জী বুলি কোৱা হয় ।