April 9, 2025, 10:26 a.m.
প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ǀ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ ǀ বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ পৰ্বতৰ শিলাখণ্ডত অংকন কৰা হৈছিল। আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল ǀ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ, তামিলনাডুৰ চিত্তনাৱাচল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱাল সমূহত অংকন কৰা হৈছিল ǀ এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্ৰবোৰ পৃথিৱী বিখ্যাত ǀ
দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অকা হৈছিল মূলঃত সংশ্লিষ্ট গ্ৰন্থসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ১)আকৃতি, ২)জোখমাখ, ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল, ৪) কলাত্মক উপস্থাপন, ৫) সাদৃশ্য জ্ঞান, ৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ প্ৰথমে দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল ǀ এলান্ধু, হালধী, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু বৰ্ণিল চিত্ৰ অংকন কৰা হৈছিল ǀ চুলতানী যুগত পাৰস্য দেশীয়কলা ৰীতিৰে অনুস্তপীয়াকৈ আৰম্ভ কৰা চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণো আজিৰ দিনত উদ্ধাৰ হৈছে ǀ মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল। পাদছাহনামা, তুতুনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খামছা আদি গ্ৰন্থ সচিত্ৰকৈ অঁকা হৈছিল। মোগল যুগৰ চিত্ৰসমূহ সম্ৰাটসকলৰ ছৱি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, ফুল, গছ, লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখা গৈছিল। ফাৰ্ছী ৰীতিৰ চিত্ৰশৈলীৰে ৰামায়ন, মহাভাৰত আদি হিন্দুধৰ্ম গ্ৰন্থত চিত্ৰ অঁকা হৈছিল।