April 9, 2025, 10:27 a.m.
সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে ǀ সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল ǀ পৰবৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিবৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে ǀ
ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে ǀ মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল ǀ সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেপা, চেহনাই, ঢোল, তবলা বিভিন্ন প্ৰকাৰৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নূপূৰ, চেতাৰ, চাৰিন্দা,দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে।
সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰটো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে ǀ দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ ওপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী আছে। সেই আঠবিধ নৃত্য হল- কথাকলি (মালায়ালম,কেৰেলা ), মোহিনী আট্টম ( কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী ( অন্ধ্ৰপ্ৰদেশ), অডিশি (উৰিষ্যা),কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ) ǀ