Add Book Write Article
Cancel

চমুটোকা লিখাঃ ১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 3:36 a.m.

ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্থাত চৰকাৰখনে কেৱল কৰ-কাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল। দৰিদ্ৰ প্ৰজাৰ দুঃখ দুৰ্দশা মোছন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱস্থাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।