মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি. কোম্পানীত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'লেহে। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে বহুবাৰ চৰকাৰৰ ওচৰত অৱগত কৰাৰ পিছত বিফল হৈ তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাৱদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল।
কলিকতাত থকাৰ সময়ত দেশজুৰি আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে, আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। অতি কম সময়ৰ ভিতৰতে, কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই। অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচী দিয়ে।