ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদস্বৰূপে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল। বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাঁওতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত জড়িত থকা ৭৫ জন লোকক আটক কৰি অস্থায়ী শিৱিৰলৈ লৈ আনে। প্ৰায় ৩,০০০ লোকৰ এটা দলে শিৱিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ ৫৯ জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। ২৫ তাৰিখৰ দিনা বন্দীসকলক মুকলাই দিয়াৰ দাবীত ৬,০০০ ৰাইজৰ স্বাক্ষৰসম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। উপায়ুক্ত সৈমান নহ'ল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়াই। পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত যুঁৱলি বান্ধি তেঁওলোকৰ হতুৱাই হাল টনোৱা হয়। ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতা হাইকৰ্টৰ নিৰ্দেশত অপৰাধীসকলৰ কিছু শাস্তি লাঘৱ হয়।