Add Book Write Article
Cancel

চমুটোকা লিখাঃ ৫। পথৰুঘাটৰ ৰণ।

By u255f5c61b2 on 1 week ago
April 9, 2025, 3:37 a.m.

কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে। ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. ডি. এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে. আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়।

সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমৱেত ২০০মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সৱিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্ৰায় ২,০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্থিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয়। কিন্তু বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।