১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়া অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল। সেয়ে অসমৰ ছীফ কমিচনাৰ জে. ডব্লিউ. কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।