ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে। এই কথাষাৰ বুজাবৰ বাবে কথাফাঁকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কট্কটীয়া কৰিছিল। ইয়াত থলুৱা ভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই সেঁতু ইমান মজবুত আছিল যে, অসমত আহোমে আহোমৰ ভাষাৰে, বাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতৰে আৰু মুছলমানে আৰবী-ফাৰ্চীৰে কথা নাপাতে। প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। অসমীয়া লোকসকল তেওঁলোকৰ আপোন হৈ পৰিছিল, আৰু অসমীয়া মাতৃভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।