(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি 'চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ' মানৱ বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।