সকলো ধৰণৰ হিংসা-আসূয়া, গোলামি, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ মূলভাৱ।
দেশপ্রেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ বাবে সশ্রম কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য়, গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোমালিহে কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ পৰে স্বধীন 'সোণৰ অসম' গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাড়ুদাৰ হ'বৰ বাবে আহ্বান জনাইছিল। ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে।
তেতিয়াহে আমাৰ গােলামিৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব। বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব। সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে ।