(ক) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল।
(খ) অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধাচাৰণ।
(গ) ৰাইজৰ আক্ৰোশ বাঢ়িল 一 বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা।
(ঘ) নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোৱৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল।
(ঙ) সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে।
(চ) পিছদিনা একে ঠাইতে সমৱেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে গুলীচালনা কৰে।
(ছ) ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়। ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলীয়া পানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰে।