শংকৰোত্তৰ যুগৰ ঐশ্বৰ্যশালী সাহিত্য ৰাজিৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ বিশেষ ভূমিকা আছে। প্ৰকৃততে চৰিত সাহিত্য, বুৰঞ্জী সাহিত্যৰ দৰে মধ্যযুগত ৰচিত এই সাহিত্যও এবিধ বিশেষ শ্ৰেণীৰ সাহিত্য। এইবিধ সাহিত্য ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক। আয়ুর্বেদ শাস্ত্ৰ, নিদান, জ্যোতিষ, অংক-আর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তর্গত। মানুহৰ ব্যহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি বিষয়ক পুথিসমূহক সাধাৰণতে ব্যবহাৰিক সাহিত্য বুলি কোৱা হয়। এই সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। বৰ্তমান এই সাঁচিপতীয়া পুথিবোৰ ছপা ৰূপত প্ৰকাশ হৈছে। এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হ'ল 'হস্তিবিদ্যাৰ্ণৱ সাৰ-সংগ্ৰহ', 'ঘোঁৰা নিদান', আৰু 'চাংৰুং ফুকনৰ বুৰঞ্জী' ।